~কৰ্ণেল বসুন্ধৰা আহি আছে ~
কৰ্ণেল বসুন্ধৰা আহি আছে
ৰণুৱা ঘোঁড়াৰ কদমত
পিন্ধনত তেওঁৰ টিক্ টিকিয়া ৰঙা পোছাক
ভৰিত ক'লা নাগ্ৰা জোটা
মূৰত ক'লা ৰাউণ্ড কেপ্
ককালত বেল্ট
বেল্টত পিষ্টল
বগা ঘোঁৰা চেঁকুৰাই
কটবত্ কটবত্
তেওঁ আহি আছে
তেওঁ আহিয়েই বোলে
তিনি ৰঙৰ নিচান এখন জ্বলাব
মানুহৰ বুকুৰ জুইৰে
আৰু সেই জুইত তেওঁ
সেক দিব নীলা শিয়ালৰ আগ মঙহ
বুঢ়া লুইতৰ বুকু ৰঙা কৰি
সিঁচি দিব শিয়ালৰ মঙহ
কৰ্ণেল বসুন্ধৰা আহি আছে ...
—————————————
~ মহাসেন ~
কি হৈছে কিয় হৈছে একো বুজা নাই
তোৰ উচ্ছল হাঁহিৰ ফুলনিত
আজি বাজিউঠা নাই
মন্দিৰৰ শংখধ্বনি
তইতো কোনোদিনে সজোৱা নাছিলি
ফুলশয্যাৰ মৃত্যুৰ এটা ৰাতি
তই কোনোদিনে বজোৱা নাছিলি
ধ্বংসৰ চৌৰছিয়াৰ বাঁহী
ভালপোৱা গোন্ধাই থকা
ঘন এন্ধাৰতহেচোন আজি গজি উঠিল
দেওলগা সপোন
কি ভয়াবহ নিষ্ঠুৰ স্পৰ্ধা তোৰ
তোৰ ধু ধু হুমূনিয়াহত ভাঁহি যাবলৈ
মই শ্বাসৰুদ্ধ হৈ যুঁজ দি আছোঁ
ৰক্ত কণিকাৰ সতে
তোৰ সীমাহীন ব্যস্ততাক
সহিব নোৱাৰোঁ বাবেই
মোৰ বানে ধোৱা বুকুত ৰৈ যাব
দুখৰ ভেঁকুৰী তিতা গদ্য
তথাপি উশাহ ল'বৰ বাবে
অপেক্ষাকৃত সময়কণ এতিয়াও বাকী
লুনীয়া সাগৰ এৰি
সেউজীয়া চুমিব'লে অহা ঐ ডাংকাচি
বুঢ়ীদিহিঙৰ দৰে
ডাহিমুহি উটুৱাই নিবিনেকি
আলফুলে সাঁচি ৰখা আলসুৱা আশা ...
—————————————
~ ঐ সাগৰৰ চিত্ পখিলী জীয়েক ~
(মহাচেন~২)
ঐ সাগৰৰ চিত্ পখিলী জীয়েক
তই অহাৰ বাবেই
বনজুই জ্বলি নুপুৰিল দেহা
পুৰিল আকালৰ ভালপোৱাৰ ভঁৰাল
কোনে জানে
তোৰ বুঢ়া আঙুলিৰ উজনিত
হয়তো চূড়মাৰ হ'ব
মোৰ চাৰিআঙুলীয়া কপাল
নিয়তি পখীৰ উৰুলী মাৰ নৌ যাওঁতেই
কইনাৰ সাজেৰে থিয় দিলি
উদুলি মুদুলি চুনি-মুনি গধূলি
পাক লগা জীৱনৰ বাট কাটি কাটি
থিয় দিছোঁ বুঢ়ীদিহিঙৰ গঢ়াত
শেষ ৰাতিৰ চিঞৰ এটা হৈ
খুটিয়াই থপিয়াই
কাৰ বুকুত ৰাখিলি মোৰ ক্লান্ত দুহাত
ঐ সাগৰৰ চিত্ পখিলী জীয়েক,
শুনচোন
তললৈ নোচোৱাকৈ
হু হুৱাই নামি যাৱ কিয়
সোঁৱৰণি কাতৰ বুকুত
সপোনবোৰে
ন-কৈ পোখা মেলিছেচোন ..
——————————————————
~ ইন্দ্ৰপুৰীৰ গীতাঞ্জলী ~
কেনে আছা তুমি
ইন্দ্ৰপুৰীৰ গীতাঞ্জলী চুতীয়া
তুমি আহিম বোলাৰ বাবেই চাগে'
বনজুই জ্বলি নুপুৰিল দেহা
পুৰিল আকালৰ ভালপোৱাৰ ভঁৰাল
মোৰ বুঢ়া আঙুলিৰ উজনিত
হয়তো জিলিকি নুঠিব
তোমাৰ চাৰিআঙুলীয়া কপাল
আয়তীৰ উৰুলী মাৰ নৌ যাওঁতেই
মোৰ সমুখত কইনাৰ সাজেৰে
থিয় দিলে পুৰ্ণিমাৰ জোন
বনপুৰা জুইয়ে ডাহি মুহি নিলে
মোৰ কপালৰ ধু ধু সপোন
পাক লগা জীৱনৰ বাট কাটি কাটি
থিয় দিছোঁ নৈৰ থিয় গঢ়াত
শেষ ৰাতিৰ চিঞৰ এটা হৈ
খুটিয়াই থপিয়াই
কাৰ বুকুত ৰাখিলা মোৰ ক্লান্ত দুহাত
ঐ ইন্দ্ৰপুৰীৰ গীতাঞ্জলী
শুনাচোন
এবাৰো মোলৈ নোচোৱাকৈ
ফোঁ ফোঁৱাই গুচি যোৱা কিয়
সোঁৱৰণি কাতৰ মোৰ বুকুত
সপোনবোৰে
ন-কৈ পোখা মেলিছেচোন
(ডুলিয়াজান ইন্দ্ৰপুৰীৰ
গীতাঞ্জলী চুতীয়া, তোমাৰ সতে
যোগাযোগ হেৰুৱালো। ফেচবুকত
যদি আছা অভিমান এৰি পুনৰাই
যোগাযোগ কৰিবা।)
————————————————
~ ঐ যজ্ঞখোৱাৰ নাৰ্জিতৰা ~
ঐ যজ্ঞখোৱাৰ নাৰ্জিতৰা
এবাৰ কচোন ভাল নেপাওঁ বুলি
কচোন মোৰ উসাহবোৰ
তোৰ বাবে নহয় বুলি
জঁপিয়াই দিম বুঢ়ীদিহিঙৰ বুকুত
ফেনে ফুটুকাৰে বাঢ়ি অহা নৈ
জান ঐ
কচোন ভাল নেপাওঁ বুলি
তোৰ চোতালৰ সোঁমাজত
থিয় হৈ চিঞৰিম
তোৰ নঙলাৰ মুখত ৰৈ
চিগাৰেট পুৰিম
ঐ যজ্ঞখোৱাৰ নাৰ্জিতৰা
তোৰ বাবেই
অঁ
তোৰ বাবেই মোৰ দুখৰ বগা
নিমখৰঙী দুখেৰে ভৰাইছোঁ বুকু
ঐ যজ্ঞখোৱাৰ নাৰ্জিতৰা ...
———————————————
~ নতুন বুৰঞ্জী ~
ছোৱালীবোৰ যেতিয়া
কলেজলৈ আহে
ল'ৰাবোৰে কালৈকো নোচোৱাকৈ
সিহঁতলৈ ৰ' লাগি চাই থাকে
কোনো জৰুৰী সমস্যা নাথাকিলে
ল'ৰাবোৰে সাধাৰণতে
কলেজ ক্ষতি নকৰে
ৰাজনীতি বিজ্ঞানে
লক্ষ্য কৰিছিল কথাটো
গণিতক ক'লে
সমাধান সূত্ৰ নিৰ্ণয় কৰা
গণিতে নিৰ্ণয় কৰিলে এনেদৰে
{ল'ৰা x(বাইক+মোবাইল+দৃষ্টি)} =কলেজ কম্পাউণ্ড
সূত্ৰটো লৈ ৰাজনীতি বিজ্ঞান
সাহিত্যৰ কাষ চাপিল
সাহিত্যই ক'লে সাধাৰণ পৰিঘটনা
ইয়াৰপৰা কোনো
সাহিত্য উৎপত্তিৰ সম্ভাৱনা নাই
ৰাজনীতি বিজ্ঞান ক্ষান্ত নহ'ল
এইবাৰ কাষ চাপিল বুৰঞ্জীৰ
কাৰণ
তেওঁ এই ঘটনাত নিউটনে
আপেলজোপাৰ তললৈ যোৱা
অথবা
গেলিলিওৱে অনবৰতে
দূৰবীণটো ধৰি থকা ঘটনাটোৰ স'তে
সাদৃশ্য বিচাৰি পাইছিল
টোপনীৰ পৰা এঙামুৰি দি
বুৰঞ্জীয়ে ক'লে
প্ৰিণ্সিপালৰ ওচৰলৈ যোৱা
আমাৰ দিনত বাইক,
কম্পিউটাৰ মোবাইল নাছিল ...
————————————————
~ বৰষুণ ~
দুহাতত দুপাহ ফুল লৈ
নামি আহিল তাই
ওঁঠত ওঁঠ থৈ সুধিলে
হিয়াখন দিবা ?
গুজি দি হিয়াখন তাইৰ হাতত
মই কলোঁ
তোমাৰখন জানো নিদিয়া ?
সেইদিন ধৰি
বুকুত কঢ়িয়াই ফুৰিছোঁ
এমুঠি যন্ত্ৰণাৰ ফুল
ফুল নহয় সোণালী হুল
লগ পাৰেই কওঁ
জনাবানে মোক তোমাৰ ভূগোল !!
——————————————
*~ কবিতা ~*
কেতিয়াবা হঠাৎ যেন
এটা প্ৰচণ্ড শব্দ কৰি
হুৰমূৰাই এজাক কবিতা সৰিব
পপীয়া তৰাৰ সাধু শুনা চোতালত
এনে লাগে যেন
তোমাৰ আকুল দুচকুৰে
দপ্ দপাই জ্বলি উঠিব
এটা এটা কৰি হেজাৰটা
ঔফুলীয়া বেলি
ৰবাব টেঙা ফুলা ভৰ দুপৰত
আৰু মই নিৰৱে চাই ৰ'ম
তোমাৰ সেই হেজাৰটা বেলিৰ প্ৰতাপ
পাগল কবি আমি
কবিতা আমাৰ প্ৰলাপ ...
------------—————
~* তোৰ সেঁওতাত মোৰ ৰং *~
নীলচীয়া এটি চুমাৰ পৰশেৰে
প্ৰাণৰ ঊমেৰে ঊমাল কৰি
আকৌ ঘূৰি আহিলোঁ মই
বালিমাহী ঘৰশালিকাৰ
ডেউকা পিন্ধি
উৰি গলোঁ
কিজানিবা চুব পাৰোঁ
তোৰ সেঁওতাত মই অঁকা
ফেঁহুবুলীয়া জীৱনৰ ৰং ...
————————————————
~* নীলকণ্ঠ *~
বুকু খান্দি সোমাই আহে
এটা চেঁচা হূমুনিয়াহ
আৰু মোৰ কণ্ঠত লয়
এটা দীঘল উসাহ
নঙলা খুলি
তপতহৈ ওলাই যায় পুনৰ
উদঙীয়া গৰুজাকৰ
পিছে পিছে দৌৰে হেঁপাহ পলুৱাই
অদ্ভূদ তোমাৰ নিচা
মৰা সুঁতিৰ পাৰে পাৰে বিছাৰা
শংখৰ খোলা
কংক্ৰিটৰ অৰণ্যত
সন্ধান কৰা সেমেকা হৃদয়ৰ মানুহ
টোপনী যাব বিছাৰা তুমি
তোমাৰ প্ৰেয়সীৰ শীতলী কোলাত
ধোঁৱা আৰু ধূলিৰে পোট যোৱা
মোৰ স্বদেশ
ৰাজপথে ৰাজপথে
চাইৰেণ বজাই দৌৰে
ত্ৰাণকৰ্তা নঙঠা ফকিৰ
পুৱাতেই ডুব যায়
গাভৰুৰ উদয়াচলৰ বেলি
পানীত ডুবি মৰে
স্বদেশৰ হাজাৰ সম্ভাৱনা
'ৰাম নাম সত্য হ্যেঁ'
মানৱতাৰ শ্মশান যাত্ৰাত
ভাগ লয় শগুণৰ জাক
এটা বিন্দুত আৱদ্ধ মোৰ দেশ
কংকালৰ অৱশেষ ...
—————————————
*_প্ৰসঙ্গঃ স্বাধীনতা অথবা ইচ্ছামৃত্যু, এক ট্ৰেজেদী_*
হঠাতে যদি গুচি যোৱা দূৰ দিগন্তলৈ
মই কান্দিব নোৱাৰিম
অথচ তিতি তিতি কঁপিব
ভেঁকুৰী তিতা ত্ৰিৰঙ্গা
দুখবোৰ মচিব নোৱাৰি
উদং আকাশত মেলি দিম
ছটা ছটা ডাৱৰ হৈ নামিব বৰষুণ
মই নিঃশব্দে আওৰাম
সৰাপাতত তেজে লিখা
স্বাধীনতাৰ গান
সোঁৱৰণীৰ সৰাপাতত
তেজেৰে লিখিছোঁ কবিতা
যন্ত্ৰণাৰ তৰপে তৰপে
সাঁচি ৰাখিছো যুদ্ধৰ খবৰ
নিৰৱ শীতল মৃত্যু
আৰু নিৰ্বাক নিষ্ঠুৰ দুৰ্ঘটনাবোৰৰ
ৰ'দ হেৰাইছে
ৰং হেৰাইছে
হেৰাইছে ত্ৰিৰঙ্গাৰ সুখ
ক্ৰমশঃ দুখত ডুবিছে দিন
ৰাতিৰ শেষৰ ৰাতি
মাহ ...
বছৰ ...
কাকো নজনোৱাকৈ
দেও দি গুচি যায়
নিগনি চঞ্চল সুখৰ ৰ'দ
পঢ়াশালীত শিকিছিলোঁ
সুজলাং সুফলাং মলয়জ শীতলাং
শস্য শ্যামলাং মাতৰম্
প্ৰাৰ্থনাৰ ধ্বনীয়ে কঁপাইছিল আকাশ
ঢৌ খেলি আকাশত উৰিছিল
ত্ৰিৰঙ্গা নিচান
কোৱা স্বাধীনতা,
আমি কি উৎসৱ পালন কৰিম এতিয়া
নিষ্পাপ সকলো শিশুৰ মুখৰ
সৰলতাৰে তুমি ঢাকি ল'ব পাৰিবানে তোমাৰ ক্ৰোধ আৰু আবেগ
মানৱতাৰ কোনটো শিলাস্তম্ভত
বহি গাঁও পোহৰৰ গায়ত্ৰী মন্ত্ৰ
জীৱনবোধৰ কোনটো স্তৰ অতিক্ৰমী
গুচি যাম আমি মহাজীৱনৰ সন্ধানত
সত্য আৰু যুক্তিৰ গাত আঁউজি
আঘাট আৰু যন্ত্ৰণাৰ চকুলো টুকি টুকি
মই মোক ভাঙি ছিঙি
তোমাৰ হাতত তুলি দিছিলোঁ
তুমি তোমাৰ আশা আৰু সপোনৰ
পাত লুটিয়াই দেখুৱাইছিলা
তোমাৰ নিঃসৰ্গ
মই অনুভৱ কৰিছিলোঁ
মোৰ ভিতৰৰো কোনোবা এঠাইত
যেন জোন উঠি আহিছিল
ছটা ছটা ডাৱৰৰ জোন
আজি উছৱৰ গঢ়া খহি খহি
মোৰ বুকুত শিপাইছে সোঁৱৰনীৰ জোন
ডাৱৰৰ পালতৰা নাঁও হৈ
যেন মৰিশালীৰ ৰে'লেৰে
উজাই উজাই
মই গৈ আছোঁ ..
গৈ আছোঁ ..
মোৰ দেশ
মোৰ আন্ধাৰ বৰণ মেঘ
—————————————————
*~ নৰ্জিতৰা ঐ ~*
এৰা ;
আহাৰৰ বোকা খচকাৰ বতৰ এইয়া
এইয়া মেঘে মেঘক
সিয়াঁৰি দিয়াৰ বতৰ
এৰা, এইয়াই সেই কৃষ্ণচূড়া
মোৰ হাতৰ পৰশত
ঢ়ৌ খেলা তোমাৰ চুলিৰ সুগন্ধি এইয়া
ৰঙবোৰ বাৰু সদায় একে থাকেনে
দুখৰ ৰং কিজানিবা বগাও হ'ব পাৰে
যিদৰে হ'ব পাৰে
নামহীনা অনামিকা
ওঁ,
পৰিছে মনত
টুকি ৰখা সেই সোঁৱৰণি পৃষ্ঠা
জানা,
প্ৰেম ভগ্ন নহয়
প্ৰেমক সজাব পাৰি ন-কৈ
তোমাৰ দুহাতৰ পৰশ ! আস !!
তোমাৰ ঢ়ৌ খেলা চুলিৰ সুৱাস ..
———————————————
*~খৰাং ~*
পশ্চিমলৈ চালোঁ
কেনেবাকে সুখক দেখোঁনেকি
দুখৰ ডেউকা পিন্ধি
নামিছে অযুত তৰাৰ ঘূমটি
পূবত ৰাতিটোৰ উষ্ণ আদৰণি
——————————————
* অকবিতা *
লাহে লাহে একোৱেই ভাল নলগা হৈ আহিছে
নিজৰ বুকুতে নিজে জীন যাম এদিনা
দুখৰ আঁউসী নুপুৱাব যিদিনা ...
———————————————
*~ হীৰুদালৈ মনত পৰে ~*
হালধীয়া এখিলা পাত
সৰি পৰি ৰ'ল
হুৰমূৰাই এজাক
শব্দৰ ওজন কমি গ'ল
ধোঁৱাই ঢাকে
মেঘে ঢাকে
হালধীয়া হৈ পৰে দশোদিশ
তোমাৰ কথা ভাবিলে
মোৰ হাড়েদি উজাই আহে
কেঁহাৰাৰাজ বৰণীয়া
ওন্দোলা বিষ ....
—————————————————
~ বৰষুণ (২) ~
অভিমানী তৰাৰ উচুপনি
বুকুত সামৰি থয় কজলা অসুখ
মূৰ খুন্দিয়াই আফালি মৰে
বিৰহী প্রেমিক
শৰীৰত বাঢ়ি আহে
কিলবিলিয়া ভোক
———————————————
* তোৰ চুলি ফুলিছে শেৱালী *
শেৱালী
তোৰ চুলিত ৰূপালী ৰং ধৰিছে
আহিনৰ ভাঁজ লগা বতৰ
ধূলি আৰু নিয়ৰৰ মিলনতেই চাগে'
তোৰ চুলি ৰূপোৱালী হ'ল
তোৰ শ্বেম্পু কৰা চুলিৰ সুৱাসত
পগলা হয় মোৰ উদঙীয়া যৌৱন
ভালপোৱাই কোঙা কৰা
মেটেকা ফুলীয়া কলিজাত
ধূ ধূ হূমুনিয়াহৰ ৰাতি পাৰ হয়
ফুলক দে তোৰ যৌৱন
তোৰ শৰীৰৰ ভাঁজত নিৰলে বাঁহ সাজিম মই
ৰাতি যিমানে বাঢ়ে
আমনি কৰে মোক তোৰ চুলিৰ সুৱাসে
শেৱালী
তোৰ চুলিত ৰূপালী ৰং ধৰিছে
——————————————
** কাবৌ কৰিছোঁ বন্ধু....**
কাবৌ কৰিছোঁ বন্ধু
মোক কবিতাৰ গ্ৰুপত এড্ নকৰিবা
দুখৰ শলিতা জ্বলাই
শোষিতৰ ফেষ্টুনৰ শ্ল’গান গোৱা মানুহ মই
কবিতাৰ ভাষা মোৰ দুৰ্বোধ্য ———
আইৰ গৰ্ভত নিচিনিলোঁ কবিতাৰ দেওলগা শৰীৰ
বোপাইত তেজেৰে ধৰুৱা নহলোঁ
শিৰাই শিৰাই বোৱাব নোৱাৰিলোঁ দাঁতভগা শব্দৰ নদী
নীলমণি, হীৰুদা, নিলীম কুমাৰ কিম্বা প্ৰণৱ বৰ্মণ
তেওঁলোকৰ পথাৰত অপতৃণ মই
নোৱাৰোঁ মোকলাব বাট
কবিতাৰ শৰীৰ বিচাৰেৰে
কাবৌ কৰিছোঁ বন্ধু.....
সঁচাকৈ....
সঁচাকৈ বন্ধু
মই কবি নহয়
শব্দৰ প্ৰেমত পৰা
শব্দেৰে দৌল সজা
ডিঙিৰ সিৰা প্ৰকট কৰি শ্ল’গান গোৱা
পেটৰ ভোক বন্ধকত ৰাখিব নোৱাৰি
আৰ্তনাদেৰে ৰাতি কঁপোৱা ফুটুপাথৰ এটি নিসংগ পথিক
কাবৌ কৰিছোঁ বন্ধু
মোক আৰু কবিতাৰ গ্ৰুপত এড্ নকৰিবা
মই কবি নহয় ৷৷
———————————————
OO অব্যক্ত OO
দুখবোৰ জ্বলাই দিছোঁ
কলিজাখনো পুৰিছে হম্ হমাই
গোটেইখন বিয়পি পৰিছে খৰিকাজাঁই ফুলাৰ গোন্ধ ...
ৰাতি ফুলা ফুল
মোৰ মঙহ পোৰাৰ গোন্ধ
মৰিশালীৰ ৰে’লত তুমি উভটি অহাৰ সপোন ——
————————————————
OO আঘোনৰ গান OO
কাৰ আঙুলিৰ ফাঁকত আঘোনে ৰিঙিয়াই
কাৰ দুগালত সৰি পৰিল ফাগুনৰ ছাঁই
চৰগ পৰি পাত্থৰ হোৱা মোৰ বুকুত
কোনে উৰুৱাই দুখৰ চৰাই ...
————————————————
OO সুখ -দুখ OO
দুচকু মুদখালেই গধুৰ হয় পৃথিৱী,
এখনি মুখ দেখোঁ চকা - মকাকৈ |
দুখৰ পিছত দুখ,
ক`ত সেই অঘৰী সুখ |
ফেঁহুবুলীয়া পোহৰত
এইখন কাৰ বাৰু
ঔফুলীয়া মুখ......
—————————————
(ক্ৰমশঃ)
** এনেয়ে বেবেৰিবাং পদ্য **
ঐ লাজুকী চম্পাৱতী শেৱালী
খিৰকিৰ মুখত আহি
কিয় থিয় দিলি
পেটত বাঢ়ে ভোক ;
লগ নাপাওঁ তোক
(তোৰ গা গোন্ধাইছে শেৱালী )
আমাৰ গা-চোন নুগোন্ধাই
বনফুল বনফুল
কি ঘঁহি তই হলি আমোলমোল
কি চাইচ মোক ;
ধৰি থম তোক
সঁচাই তই বৰ এজনী
হলি দেই এইবেলি
ক-চোন সঁচাই তই
কাৰ চেনেহৰ চুমাত ভুল গলি
কাৰোবাক ভালপাৱ তই ;
কেনেকৈ সহিথাকোঁ মই
ঐ লাজুকী অপেশ্বৰী
বগীমণি শেৱালি
তোৰ বনফুল বনফুল সুৱাসে
সজাম মোৰ শেতেলী
কি কৰোঁ ক-চোন তই ;
তোৰ সুৱাসত পগলা মই ...
——————————————
++ কুৰুক্ষেত্ৰ ++
অসম দেশ বিষম ঠাই
গছৰ পাতে মানুহ খায়
আমাক 'লেণ্ড' লাগে
গগৈ চৰকাৰ হায় হায়
চিঞৰি থাক বোপাহঁত
ডিঙিৰ নীলা সিৰা প্ৰকট কৰি
কোনে কাক মাৰে
কোনে কাক জীয়াই
কোনে কাক দিয়ে খৰি
আজোককাৰ
হাড় পচি যোৱা এই মাটি
বোপাই ঘামেৰে সিক্ত এই মাটি
আইজনীৰ গচকত
ধূলি হোৱা এই মাটি
ভাগ ভাগ কৰি কি পাবি
আহ লৈ যা মোৰ কলিজা
পকা অঙঠাত সেকি খা মোৰ মঙহ
তথাপি কওঁ
বোপাইহঁত অ'
নিজৰ ধ্বংস নিজে নেমাতিবি
মোৰ আইজনীক দুফাল নকৰিবি
যদুবংশৰ বিলাই মাতি নানিবি ...
————————————————
))) ভালপোৱা (((
তোৰ খোজত খোজ থৈ
মই বগাব খোজোঁ তোৰ মনৰ পাহাৰ
তোৰ বুকুৰ উশাহেৰে
মোৰ বুকু জীপাল কৰি
চাব খোজো তোৰ আকাশ
ভালপোৱাৰ———
————————————————