** মোৰ প্ৰথম প্ৰেম **
প্ৰেম স্বৰ্গীয় । প্ৰেমত পাপ নাই । প্ৰেমৰ ধ্বংস নাই ।
কিন্তু, প্ৰেম যেতিয়াই শাৰিৰীক পৰ্যায়লৈ অৱনমিত হয় ;
তেতিয়াই প্ৰেমৰ মূল্য হানি হয় । মই যেতিয়া প্ৰেম নামৰ
জগতখনত ভৰি দিছিলো ; তেতিয়া মোৰ বয়স কি
আছিল নাজানোঁ । কিন্তু এইটো জানো যে, তেতিয়া মোৰ
ভালপোৱা কাৰোবাক দিব পৰাকৈ মই পৰিপক্ক হৈ উঠিছিলোঁ ।
তাই তেতিয়া অষ্টম মানৰ ছাত্ৰী । সেইদিনা স্কুল বন্ধ আছিল ।
নুনী পকাৰ দিন তেতিয়া । নুনীৰ ৰঙেৰে ওঁঠ বোলাই আমি
কথা পাতি আছিলোঁ । একোবত কিবা কথাত মই গোটেই
নুনীৰ টোপোলাটো তাইৰ মূৰতে বাকি দিলোঁ ।
তাই তেতিয়া এমুঠি নুনী লৈ মই পিন্ধি থকা চাৰ্টটোতে সানি দিলে ।
নুনীৰ দাগ চাৰ্ট পাৰ হৈ একেবাৰে কলিজা পালেগৈ । সেইয়াই আৰম্ভণি ...
তাৰ আগলৈকে কোনো ছোৱালীৰ প্ৰতি কিবা এটা বেলেগ অনুভৱ
কেতিয়াও জাগ্ৰত হোৱা নাছিল .......
ৰ'দ আহে ৰ'দ যায় । ফুলৰ পাপৰি সৰে দিন বাগৰে । তাহাঁতৰ
ঘৰ আমাৰ ঘৰৰ পৰা দূৰত্ব বেছি নাছিল । গাঁওখনৰ ইমূৰ সিমূৰ ।
বাঢ়িল কথাৰ ধেমালী, বুকুৰ বিষ । পথাৰৰ মাজত থকা গছৰ
বগৰী পাৰি খোৱা, নদীৰ মেটেকা টানি মাছ ধৰা ক্ৰমান্বয়ে বাঢ়ি
আহিছিল যদিও কোনোপক্ষই তেতিয়াও সেই বাক্যটো উচ্চাৰণ
কৰা নাছিলোঁ তেতিয়ালৈকে । এইটো মোৰ বাবে আচৰিত কথা যে ;
আজিলৈকে মই কাকো ভালপোৱাৰ প্ৰস্তাৱ দি নাপালোঁ ।
অথচ এতিয়ালৈকে কিমানৰ যে ভালপোৱাৰ প্ৰস্তাৱ
পালোঁ ! যাওক সেইবোৰ । এদিন সন্ধ্যাৰ কথা ...
তাই স্কুলৰ পৰা আহি ফেঁকুৰি ফেঁকুৰি কান্দি আছিল ।
মই গৈ পোৱাত তাই মোক সাৱতি ধৰি কান্দিবলৈ ধৰিলে ।
মোৰ বাবে সেয়া আছিল এক আচৰিত অনুভৱ ।
ঘটনাৰ আদি সোধাত তাই দেখুৱালে এখন চিঠি ।
এজন ল'ৰাই তাইলৈ লিখা প্ৰেমৰ চিঠি । তাইলৈ ভালপোৱাৰ প্ৰস্তাৱ ।
বুকুখন বিষাই আহিল । মই কিবা কোৱাৰ আগতেই
তাই ক'লে "মই আপোনাৰ বাহিৰে কাৰো কথা ভাবিব নোৱাৰোঁ ।
মই আপোনাক ভাল পাওঁ ।" বুকুখন ভৰি আহিল বাৰিষাৰ নদীৰ দৰে ।
সেই ৰাতি টোপনী নাহিল ...।
নৈ বৈ যায় । গতি সলায় । আমি নিমাখিত প্ৰাণীয়ে মাথোঁ চাই ৰওঁ নিৰৱে ।
এতিয়া আমি জোৰদাৰ ভালপোৱাৰ মহাকাশত । কেতিয়াবা
দুপৰ ৰাতি আমি ঘৰৰ পৰা ওলাই যাওঁ নৈৰ পাৰলে ;
কেতিয়াবা পথাৰৰ মাজত বহি ভালপোৱাৰ সুগন্ধি লওঁ ।
ক'ত কেনেকৈ লগ হ'ম সেয়া সকলো পৰিকল্পিত আছিল ।
ধেমালি কমি আহিল ; মৰম বাঢ়ি আহিল । আনে দেখাকৈ লগ
কৰা কমিল ; চুৰকৈ লগ কৰা বাঢ়িল । এনেকৈয়ে আগবাঢ়িছিল
আমাৰ ভালপোৱাৰ নদী । আমাৰ কথা তেতিয়াও ঘৰত
গম পোৱা নাছিল । এদিনাখনৰ কথা । তাইক ধেমালিতে কলোঁ ।
"তইনো মোক কিমান ভাল পাৱ অ' ? তোৰ বুকুত মোৰ নাম
লিখিব পাৰিচ জানো ?" তাই কলে, কাইলে ৰাতি লগ কৰিবচোন ।
পিছদিনা দেখিলোঁ এক শিহৰণকাৰী ঘটনা । তাইৰ বকুৰ সোঁমাজত
জ্বলা ধূপেৰে লিখা আছে মোৰ নামটো । উফ্ মোৰ মূৰ ঘূৰাই আহিল ।
তাইৰ বুকুত সেই চিহ্ন হয়তো আজিও বিৰাজমান ...
এদিন আমাৰ এই ভালপোৱাৰ কথা ঘৰৰ সকলোৱে গম পালে ।
হঠাতে জুই জ্বলি উঠিল দাও দাওকৈ । মোৰ মূৰত সৰগ খহি
পৰিল তেতিয়া, যেতিয়া মোৰ মা দেউতাই ক'লে যে তাই আমাৰ
দূৰ সম্পৰ্কীয় হয় । আৰে ! এই কথা মই কিয় আগেয়ে নাজানিলোঁ !!
লাহে লাহে আমি বাধ্যত পৰি পৰস্পৰে বিচ্ছিন্ন হৈ আহিলোঁ ।
এতিয়াতো আৰু তাইক লগ কৰিব নোৱাৰোঁ । নিজৰ ওপৰত
ধিক্কাৰ জন্মিল । ছিহ্ ! বুকুত জুই, মূৰত জুই লৈ ঘৰতে সোমাই
থাকিলোঁ কিছুদিন । হাতত তুলি ললোঁ কলম কাগজ ।
যি মন যায় লেখি গলোঁ ...
২ অক্টোবৰ। ইয়াত দুদিনীয়া কাৰ্যসূচীৰে গান্ধী জয়ন্তী পালন ।
তাত মোৰ সক্ৰিয় অংশগ্ৰহণ । পিছবেলা "গীতে কবিতাৰে মুখৰিত আবেলি" অনুষ্ঠান ।
মই এটাৰ পিছত এটাকৈ গালোঁ সেই ঘৰতে সোমাই থকা কেইদিন
লিখা কবিতাৰ শব্দবোৰ । ৰাতিলৈ পূৰ্ণাংগ নাট "ৰাজহংস" প্ৰদৰ্শনৰ কথা ।
মূল চৰিত্ৰত অভিনয় কৰিছো মই । ৰাতি ৮-৩০ মান বজাত শুনা পালোঁ
তাই তাইক ভালপোৱাৰ প্ৰস্তাৱ দিয়া সেই ল'ৰা জনৰ লগত পলাই গ'ল ।
দুখেৰ ভৰি আহিল মন বুকু । ছোঁ ঘৰত গৈ হাঁও হাঁওকৈ কান্দি দিলোঁ ।
সকলোৱে বুজাইছে মোক । মই এনে কৰিলে নাট্য সন্ধিয়াই বিফল হ'ব ।
বহু দেৰিৰ মূৰত শান্ত হৈ মঞ্চত উঠিলোঁ । মোৰ চৰিত্ৰটো আছিল অতি দুখৰ ।
য'তেই সুবিধা পাইছোঁ, নাট্যকাৰে য'তেই সুবিধা দিছে ; সেই সুবিধাৰ
পূৰ্ণ সুযোগ লৈ বুকু ভাঙি কান্দিছোঁ । এটা সময়ত নাটক শেষ হ'ল ;
দৰ্শকে জাওৰিয়ে জাওৰিয়ে হাত তালি দিলে । পুৱা হৈ আহিল ।
পুৰণিবোৰ পাহৰিবলৈ যত্ন কৰিছো ।
মই এতিয়া এগৰাকীৰ স্বামী ৷ এজন সফল প্ৰেমীকৰূপে মই নিজকে
এতিয়াও স্বীকৃতি দিওঁ ..........
———————————————————————————
** আত্মশ্লাঘা অথবা আত্মহত্যা **
শব্দ ব্ৰহ্ম ।
শব্দত সৃষ্টিৰ সম্ভাৱনা ।
শব্দেৰে নিৰ্মাণ কৰিব পাৰি চিন্তাৰ ভাস্কৰ্য । আমি কথাবোৰ জানো ।
অথচ প্ৰতিদিনে ক্ষয় কৰি নি আছো বহু শব্দৰ ধাৰাল উচ্চাৰণ ।
আমি পঢ়োঁ, পৰীক্ষা দিওঁ, পৰীক্ষা পাচ কৰোঁ । পুথিগত শিক্ষাৰে আমি
গৰ্বিত, উচ্চাকাংক্ষিত ; কিন্তু নিজৰ মানসিক প্ৰয়োজনবোধৰ প্ৰতি আমি
উদাসীন । আমি কি কৰিব পাৰোঁ ? আমি একো কৰিব নুখোজোঁ ।
পৰিৱেশ পৰিস্থিতিত কিবা এক তাৎক্ষণিক প্ৰতিক্ৰিয়া প্ৰকাশ
কৰিলেও কোনোপধ্যেই আমাৰ সংযৌক্তিক চিন্তাৰ নিৰ্মিত কৰিব
নোৱাৰোঁ বা নুখোজোঁ । কাক দাবী কৰিব পাৰে আপুনি
কিবা এটা কৰক বুলি, যদিহে নিজেই একো কৰিব পৰা নাই !
মইও দাবী নকৰোঁ আপোনাক । মাথোঁ মোৰ চিন্তাৰ প্ৰকাশ কৰিব
খুজিছোঁ আপোনাৰ সমুখত । মাধ্যম মূলতঃ কবিতা । মই
এইয়াও দাবী নকৰোঁ যে কবিতা নামেৰে মই শব্দক শিল্পৰে
সুষমামণ্ডিত কৰিব পাৰিছোঁ । কাৰণ, মই কবি নহয় ৷
কবিতা মোৰ শিৰাই শিৰাই, তেজে তেজে প্ৰৱাহিত নহয়৷
মাথোন মই চেষ্টা কৰোঁ শব্দৰ দৌল সাজি নিজক জুখি চাবলৈ ....
এইয়া মাথোঁ এক বিনম্ৰ প্ৰয়াস ...
———————————————————
** মোৰ প্ৰথম যাত্ৰা পঢ়াশালীলৈ **
পকা চুলি, বগা পাঞ্জাৱী, ভৰিৰ সৰু গাঁঠিলৈকে পৰা ধূতি । ফোঁ
ফোঁৱাই চাইকেল চলাই আমাৰ ঘৰত সোমাইছিল মানুহজন ।
সময় তেতিয়া পুৱা ৮ মান বাজিছিল । গলগলীয়া মাতেৰে
মাত দিছিল "কাইটি আছানে ?" কাইটি মোৰ ককা । ককাক তেওঁ
কাইটি বুলিছিল । মোক দেখি ক'লে ; ঐ, তই গা পা ধুই
ধুনীয়াকৈ ওলাগৈ যা । মাক সম্বোধি ক'লে, "বোৱাৰী, ইয়াক
উলিয়াই দিয়া । আজি লৈ যাওঁ ।" মোৰ বয়স তেতিয়া চাৰি বছৰ ।
সেয়াই আৰম্ভণি ; ৪ কিঃ মিঃ পথ তেখেতৰ চাইকেলৰ আগফালে
মায়ে বান্ধিদিয়া গাৰুটোত বহি স্কুললৈ অহা যোৱাৰ । তেতিয়া
স্কুলত নাম লগোৱাৰ ইমান নীতি নিয়ম নাছিল । সকলো তেওঁ
নিজেই কৰি দিছিল । ৪ৰ্থ শ্ৰেণীলৈকে তেওঁৰ চাইকেলত
কেতিয়াবা আগফালে, কেতিয়াবা পিছফালে বহি অহা যোৱা
কৰিছিলো স্কুললৈ । তেখেতে মোক প্ৰায়ে কৈছিল ; "বোপাই,
তই ডাক্তৰ ইঞ্জীনিয়াৰ হ'ব নেলাগে ; তই মানুহ হ' ।
ভাল মানুহ ।" তেখেতৰ যত্নতেই ৩য় শ্ৰেণীতে ABCD ভালকৈ
লিখিব পাৰিছিলোঁ আৰু কেতিয়াবা ৫ম শ্ৰেণীৰ ছাত্ৰ
ছাত্ৰীক লাজ দিবলৈ মোক পঢ়ুৱাবলৈ দিছিল । তেতিয়া
L.P. স্কুলত আজিৰ দৰে ইংৰাজী নাছিল । সেইজন মোৰ
পৰমপূজ্য শিক্ষাগুৰু স্বৰ্গীয় লটিফ চেলেং চাৰ ।
তেখেতক কস্মিনকালেও পাহৰিব নোৱাৰোঁ মই ৷