XtGem Forum catalog
ফেচবুকত বিভিন্ন স্থানত মই পোষ্ট কৰা হাঁহিৰ
খোৰাক জগোৱা কিছুমান শব্দ ইয়াত থুপ খুৱাই থবলৈ যত্ন কৰিছোঁ...
—————————————

এজন কৃপণৰ পুতেকৰ চকুৰ
অসুখ । ডাক্টৰে ক'লে চশমা
লবলৈ । তাকে লৈ লাগিল
কাউৰীৰ বাহত জুই । পুতেকে
নেৰে, চশমা লাগেই । নহ'লে
চকুৰে কম দেখিছে সি । হয়ো
দিয়কচোন, পঢ়ি থকা ল'ৰা ।
আসুবিধা নহয়নেকি ? ইফালে
কৃপণ বাপেকে টকা খৰছৰ ভয়ত
চশমা নিদিয়ে । পুতেকে নেৰে,
বাপেকে নিদিয়ে । পুতেকে নেৰে,
বাপেকে নিদিয়ে । একোবত
বাপেকৰ উঠিল ৰাগ, পুতেকক
টানি নি চোতাল পোৱালেগৈ আৰু
বেলিটোৰ ফালে আঙুলিয়াই
সুধিলে ...
বাপেক - সৌটো কি ?
পুতেক - বেলি, পিতাই ...
বাপেক - কটা গাদ্ধ ; মৰিব'লে
নেদেখা ; ইমান দূৰলৈকে দেখা
পাইচই যেতিয়া চশমা কেলেই
লাগে হাঁ ..?
++++++++++++
.
*~ মাহী আইৰ সাধু ~*
এখন গাৱঁত এহাল বুঢ়া
বুঢ়ী আছিল । এহাল বলধ
পুঁহিছিল বুঢ়াই । এগৰাঁল
মেকুৰী পুঁহিছিল বুঢ়ীয়ে ।
তাই মেকুৰীৰ গাখীৰ
খিৰাই বিক্ৰি কৰি পেট
প্ৰৱৰ্তাইছিল । পাৰ
চৰাইও আছিল ভালেখিনি ।
পাৰৰ কণী বেচিও বুঢ়ীয়ে
বহুত টকা পাইছিল ।
বুঢ়াই আকৌ বলধহালেৰে
আনৰ মাটি চহাই ধন
ঘটিছিল । এগৰাঁল কুকুৰ
পুঁহিছিল তেওঁ । কুকুৰৰ
পোৱালি বেচিও বুঢ়াই
টকা পাইছিল ।
তেৱঁলোকৰ কোনো ল'ৰা
ছোৱালী নাছিল, কাৰণ
দুয়ো বিয়া কৰোৱা নাছিল ।
========
.
আমাৰ চেপেটা আৰু
চেপেটিৰ বিৰাট মানে
তামাম ইলু ইলু । ইটোৱে
সিটোক নেদেখাকে বেছি
সময় থাকিবই নোৱাৰে ।
এদিন চেপেটিৰ অসুখ হ'ল ।
অসুখ মানে বি...ৰাট জ্বৰ,
মূৰবিষ, বমি...। চেপেটা
গ'ল চেপেটিৰ খবৰ ল'বলে
চেপেটিয়ে কৰিলে কি
এগিলাছ বমি দি ক'লে --
"মোক যদি সঁচাকেই ভাল
পোৱা তেন্তে এই গিলাচ
এতিয়াই খোৱা "।
চেপেটাইও সুৰুপকৈ একঘোটা
মাৰি অলপ ৰৈ দিলে
চেপেটি ->কি হ'ল ? ৰৈ
দিলা যে ? মোক তাৰমানে
ভাল নোপোৱা । মই মৰিলে ..
চেপেটা -> ৰ'বা হে পেন
পেনাই নাথাকিবা । আলু
নে কচু এডোখৰ পাইছোঁ ।
চোবাই লওঁ ...
—————————————

এবাৰ এটা বাঘে এটা শহাৰ মুখামুখী হ'ল ।
বাঘটোৰ কিবা মন ভাল লাগি আছিল ।
খপককৰে শহাটোক আগচি ধৰি সুধিলে ...
বাঘ - ঐ পোৱালি, বনৰ ৰজা কোন ?
শহাই ভয়ত পেঁপুৱা লাগি ক'লে - "আপুনি মহাৰাজ "।
বাঘ - ওঁ, ভাল ভাল, তইবাৰু যা ।

এইবাৰ বাঘ মুখামুখি হ'ল এটা শিয়ালৰ ৷
বাঘে সুধিলে - "ঐ লিটিকাই কচোন, বনৰ ৰজা কোন ?"
নোম টেঙৰ শিয়ালে বাঘৰ এৰেহা পোৱাৰ আশাত তপৰাই
মাত দিলে ,"আপুনি ... আপুনি ... আৰু কোননো হ'ব !
বাঘ - ওঁ ময়েই বনৰ ৰজা । বাৰু তই যা ।
বাঘ অহংকাৰত ফুলি গ'ল ।
এইবাৰ লগ পালে এটা জাক এৰা মখনা হাতীক ।
বাঘে তাকো সুধিলে । মখনাই খঙত একোনাই হৈ
বাঘক শুঁৰেৰে মেৰিয়াই ফুটবলটোৰ দৰে দিলে চুটিয়াই ।
বাঘ গৈ দুনলমান আঁতৰত থেকেচা খাই পৰিল ।
কঁকাল মুচুৰা খাই বাঘে কেঁকাই কেঁকাই ক'লে "আই.ঐ,
নেজানিলে নেজানো বুলি ক'ব লাগে, এইদৰে ধেমালিখন কিনো কৰ হয়নে !!
——————————————

ছাত্ৰ - চাৰ, আমাৰ পূৰ্বপুৰুষ বোলে বান্দৰ আছিল ?
শিক্ষক - বোপাই অ', তহঁতৰ পূৰ্বপুৰুষৰ কথা মইনো কেনেকৈ জানিম হয়নে ??
——————————————

বাটৰুৱা - ভাইটি, তোমালোকৰ ঘৰ ক'ত ?
ভাইটি - বৰুৱা চাৰৰ ঘৰৰ কাষতে আমাৰ ঘৰ ।
বাটৰুৱা - বৰুৱা চাৰৰ ঘৰনো ক'ত ?
ভাইটি - আমাৰ ঘৰৰ কাষতে ...
——————————————

গাহৰিৰ নেজডাল কিয় পাক খাই গাঁথি যেন হৈ থাকে জানেনে ?
কৈছোঁ শুনক ...
আদিতে পৃথিৱীখন যেতিয়া প্ৰলয় সাগৰত ডুব যাব ধৰিছিল ;
তেতিয়া পৃথিৱী উদ্ধাৰ কৰিবলৈ ভগৱন্তই বৰাহ ৰূপ ধাৰণ কৰিব
লগীয়া হৈছিল । বৈকুণ্ঠৰ পৰা বৰাহৰূপী ভগৱন্ত প্ৰচণ্ড বেগেৰে
নামি আহোঁতে নেজডাল বতাহে কোবাবলৈ ধৰিলে । এইদৰে
বতাহে কোবাওঁতে কোবাওঁতে বৰাহৰ নেজ ঘূৰখাই গাঁথি যেন
হৈ গ'ল । সেইবাবে আজিও আমি বৰাহৰ নেজ গাঁথি যেন দেখোঁ ।
——————————————

দুটা ভেকুলীয়ে পকা কঁঠাল এটাৰ পোক কিছুমান খাই আছিল । এনেতে এটাই মাত লগালে ...
১ম ভেকুলী - ঐ দোস্ত, কৰ'বাৰ পৰা ধুপৰ গোন্ধ আহিছে অ' ...
২য় ভেকুলী - ধুৎ, চুপ, খাই থাকোঁতে লেতেৰা কথা নেপাতিবি ...
—————————————

ভাৰতীয় আৰু এমেৰিকাৰ জেনেৰেলৰ আলোচনা ---

বিষয় : কাৰ সৈন্য কিমান সাহসী

প্ৰমাণ চাবলৈ এমেৰিকাৰ জেনেৰেলজনে ক'লে - জাম্প
লগে লগে এমেৰিকাৰ সৈন্য জনে ১০ মহলীয়া ঘৰটোৰ পৰা জঁপিয়াই দিলে

এইবাৰ ভাৰতীয় জেনেৰেলে ক'লে - জাম্প
ভাৰতীয় সৈন্য জনে খঙেৰে কলে - আগতে আপুনি জঁপিয়াওক

ভাৰতীয় জেনেৰেলে হাঁহিমাৰি ক'লে -দেখিছে কিমান সাহসী ...
—————————————

প্ৰতি,
প্ৰবিন পাঠক পুথাদেউ ...
প্ৰথমে প্ৰণামিছোঁ পুথাদেউ

পুথাদেউ, পয়মালত পৰিছো । পদুমপথাৰৰ পূৰৱীয়ে
প্ৰেমৰ প্ৰস্তাৱ পথাইছে । ....পূৰৱীক পাহৰিলে ?
পয়মাল, পুথাদেৱে পটকৈ পাহৰে । পূৰৱী..., পূৰৱী...
পদুমপথাৰৰ প্ৰমিলাৰ পেতমোচা পোৱালি পূৰৱী ।
পদুমপথাৰ পঢ়াশালিৰ পঞ্চমত পূৰৱীৰ পাছত পঢ়িছিলো ।
প্ৰথমদিনা প্ৰথম প্ৰিয়দৰ পৰিৱেষ প্ৰদূষণ পাঠ পঢ়োঁতে
পূৰৱীয়ে পেণ্টত পকাই পনিয়ল পাচিছিল । পকা পনিয়ল ।
পটাপট পকটিয়াইছিলোঁ । পঞ্চম পাছহোৱাৰ পিছদিনা পাছবেলা
পূৰৱীহঁতৰ পাছফালে পূৰৱীয়ে পেত পেতাইছিল "পিছত
পটকে পতিবি, পূৰৱীক পাহৰিলে পস্তাবি" ।
পিছে পয়মাল, পাকত পৰি প্ৰয়োজনত পশ্চিমৰ
পছোৱা পাহাৰীয়া পলাশীহে পতিল । [পাঙিছিলোঁ প্ৰস্তুতি
পৰাশৰক পটাবলে' । পিছে পটোৱাই পূৰ্বতেই পটালে ! ;-)]
পুথাদেউ, প্ৰব্লেমত পৰিছোঁ । পূৰৱীৰ প্ৰস্তাৱৰ প্ৰত্যুত্তৰ পথামজানো ?

প্ৰত্যুত্তৰ পথাব পুথাদেউ ...
————————————

বান্ধৈ, বহুদিনৰ বিৰতিত ...
বিয়ৈনীৰ বাৰুনে ? বিপদ বুইছা বান্ধৈ, বিপদ ...
ব'হাগত বোলে বৰ্ণালীৰ বিয়া । বৰ বোলে
বৰডুমছা বাগিচাৰ বৰকেৰাণীৰ বাৰপুত্ৰ বিপ্লৱ বৰকাকতি ।
বাতৰিটোত বুকুখন বৰকৈ বিষাইছে । বাগৰি বাগৰি
বুকুভাঙি বিনাবলৈ ববচাবনৰ বননীত বহিছোহি ।
বুকুৰ বাওঁকাষে বহিছিল বৰ্ণালী । ব'হাগত বুকুৰ
বঙহে বিদায় বিছাৰিব ! বুঢ়ালৈকে বিচ্ছেদ !
বিৰহ বেদনা বুজোতাইহে বুজিব । বৰ বিপদ, বৰ বিপদ !!
বুকুখন বখলিয়াই বৰুৱা বৰচাহাবৰ বিচ্ছিন্নতাবাদী
বিপ্লৱীবোৰৰ বল বঢ়াবলৈ বিছাৰিছোঁ, ব'হাগৰ বিপৰীতে ।
বিদায় বান্ধৈ, বিদায় । বিশ্বাসঘাটকিনী বৰ্ণালী, বুজিবি,
বুজিবি বৰ বিয়লীকৈ বৰচাহাব বৰুৱাৰ বিপ্লৱৰ বাহাদুৰি ।
বুজিবি বিৰহীৰ বুকুৰ বেদনা ।
—————————————

শিক্ষক - ৰণ্টু, পৃথিৱীৰ আকাৰ কেনেকুৱা ?
ৰণ্টু - ঘূৰণীয়া চাৰ
শিক্ষক - ৱাহ ! তিনিটা প্ৰমাণ দিয়াচোন ..

ৰণ্টু - চাৰ, আমাৰ বাইদেৱে পিন্ধা কাণফুলিযোৰৰ
আকাৰ ঘূৰণীয়া, আপোনাৰ বাইচাইকেলৰ চকাৰ আকাৰ ঘূৰণীয়া আৰু ...
শিক্ষক - আৰু পৰীক্ষাত তুমি পাব লগীয়া নম্বৰবোৰৰ আকাৰ ঘূৰণীয়া ...
————————————
কথাটো যদি আপুনি বুজি
পাইছে তেন্তে বুজি পাইছো
বুলি ক'ব, যদি বুজি নাইপোৱা
তেন্তে নাইপোৱা বুলি ক'ব
আৰু যদি কথাটো বুজি পায়ো
বুজি নাইপোৱা বুলি কয়,
তেনে মই কেনেকে গম পাম
যে আপুনি কথাটো বুজি
পাইছেনে নাইপোৱা !!
কথাটো কিবা মাথা -
মুণ্ড বুজি পাইছেনে ?
—————————————

-> সু -প্ৰভাত ...
(টুথব্ৰাছেৰে দাঁত মজি মজি
১ম জনে ২য় নজনক ক'লে)

-> কোন প্ৰভাত ?
(২য় জনে ১ম জনৰ মুখত টুথপেষ্টৰ ফেন সোমাই থকাৰ
বাবে ভালদৰে কথাষাৰ নুবুজিলে)
-> ১ম তোমাকে কৈছোঁ ,সু - প্ৰভাত ...
-> ২য় অ' মই প্ৰভাত নহয়-নহয়,
জগৎ কলিতাহে ...
—————————————

ৰণ্টুৱে অৱশেষত চশমা
লৈহে এৰিলে । চশমা যোৰৰ
বাবে কৃপণ বপেকৰ লগত সি

কিমান যে যুঁজিব লগা হ'ল !
সিদিনাখন ৰণ্টুৱে চশমাযোৰ পিন্ধি
এনেয়ে বাৰাণ্ডাতে বহি আছে ।
দেখিলে নহয় কৃপণ বাপেকে ...

বাপেক - বোপাই, তই কিবা
পঢ়ি আছ নেকি ?
ৰণ্টু - নাই পঢ়া দেউতা ।
বাপেক - তেন্তে লিখি আছ নেকি ?
ৰণ্টু - নাই ...
বাপেক - তেন্তে চশমা পিন্ধি আছ
কেলেই ? অযথা খৰছ কৰা স্বভাৱটো
তোৰ নগ'ল আৰু !
————————————

প্ৰশান্ত মহাসাগৰত এখন বিৰাট
জাহাজত এজন জাপানীজ এজন
অসমীয়া, এজন বিহাৰী, এজন

বাংলাদেশী আৰু এজন এমেৰিকান
বন্ধুৱে ৰেলিঙৰ কাষত বহি জমাই
আছে । কাৰ কাৰ দেশত কি কি
বস্তু উভৈনদী ফুটনি মাৰি আছে ।
জাপানীজ জনে একোবত নিজৰ
হাতত থকা অতি উচ্চমানৰ
মোবাইলটো পানীলৈ দলিয়াই দিলে ।
বাকী কেইজনটো অবাক ! জাপানীজ
বন্ধুৱে ক'লে, "জাপানত ইয়াতকৈও
বহুত ভাল মোবাইল সস্তাতে পায় ।"
এইবাৰ এমেৰিকানজনে নিজৰ
পিষ্টলটো পানীলৈ দলিয়াই দি ক'লে
"আমাৰ দেশত পিষ্টল গড়ে দুটাকৈ
আছে ।" আমাৰ অসমীয়াজন জানো
কম ! দুই ভৰিৰে বিহাৰী আৰু
বাংলাদেশী বন্ধু দুজনক দিলে গোৰ
মাৰি । দুইজন পানীত তুপুঙকৈ সৰি
পৰিলগৈ । বোলে "অসমত বাংলাদেশী
আৰু বিহাৰী বহুত আছে ।
আপুনালোকে এটা এটা বস্তুহে পেলালে,
মই দুটা পেলালো ।"
——————————————

এজন মাতালক পুলিচে প্ৰশ্ন
কৰিছে,
পুলিচ - তই ইমানকৈ মদ

খালি কিয় ?
মাতাল - চাৰ, মই বাধ্যত
পৰিহে খাইছোঁ ।
পুলিচ - কোনে বাধ্য কৰালে ?
মাতাল - চাৰ মদৰ বটলটোৱে..
পুলিচ - (খঙত) কি উল্টা পুল্টা
গাইছ ? বাই পেলাম, চিনি
পোৱা নাই বাপেৰক ?
মাতাল - নহয় চাৰ বিশ্বাস কৰক,
বটলটোৰ খুলোঁতেই ক'ত জানো
সাঁফৰখন ওফৰি পৰিল ; বিচাৰি
নেপালোঁ । এতিয়া ভিতৰৰ মালখিনি
মই পেলাই দিলেহে হ'ব আৰু !
———————————————

ৰাজহুৱা সভাত এজন নেতাৰ ভাষণৰ কিয়দংশঃ

ৰাইজ, এইয়া বিজ্ঞানৰ যুগ ।
এতিয়া আমি হাত সাৱতি
বহি থাকিলে নহ'ব ।
আপোনালোকে জানে, এতিয়া
মানুহে বিজ্ঞানৰ বলত
মহাকাশটো ঘৰ সজাৰ
পৰিকল্পনা কৰিছে। কিন্তু ইয়াতো
ষড়যন্ত্ৰ জড়িত হৈ আছে।
আমাক নিশেষ কৰাৰ ষড়যন্ত্ৰ।
আপোনালোকে জানে, মহাকাশলে
প্ৰথম কোন গৈছিল ; য়ুৰি
গাগাৰিন বোলা মানুহ এটা,
যিটোক আমি চিনি জানি নেপাওঁ।
কোনোদিন আমি তাক দেখাও
নাই। আমাৰ সৌ কন্দৰ্পজিৎ,
প্লাবনহঁত থাকোঁতে ক'ৰ
চিনি জানি নোপোৱা মানুহ
এটাক মহাকাশলে পথালে !
ইহঁতে আমাক অপমান
কৰিছে ৰাইজ ...
———————————
ক্ৰমশঃ

** মাধৱীৰ মইমতালী **

মাউৰত মৰা ! মৰিবলে মাতিছ ? মাৰত মুতি মুতি মৰিবি ৷

মই মুহূৰ্ততে মন মেলিলোঁ মাধৱীৰ মুখখনলৈ ৷ মুখচোকা মহিলা ৷ মহঘূলীৰ মদগজ মতিৰাম মৰাণৰ মাইকী মাধৱী ৷ মতা মহৰ মৰদ মনত ৷ মুখচোকা, মদগৰ্বী মহিলা মানেই মনিবৰ মৰণ ৷ মই মানিগলোঁ মাধৱীক মঙ্গলবাৰে ৷ মতিৰাম মহা মদপী ৷ মদৰ মোহত, মদৰ মায়াত মকমকাই মাধৱীক মাখিছাল মেলাকৈ মৰিয়ালে মতিৰামে ৷ মধৱীয়েও মনঃদুখত মতামহযেন মতিৰামক মতমতকৈ মটহা মকটিয়াৰৰ মুঠাৰে মৰিয়াই মৰিয়াই মেকুৰীৰ মাত মুখেদি মতাইহে মুখ মোহাৰিলে ৷

মৰিলোঁ——— মৰিলোঁ——— মৰিলোঁ——— মাইকীয়ে মৰিয়াই মাৰিলে মোক ৷ মৰিলোঁ——— মৰিলোঁকৈ মাতি মাতি মতিৰাম মৰিল ৷ মতা ময়ুৰে মাত মাতোঁতেই মৃদংপৰাৰ মদাহী মন মদন মলখুলে মোলায়ামকৈ মাতিছিল মাধৱীক ৷ মলখুৰ মৰ্জি মাতষাৰৰ মৰ্মাৰ্থ মাধৱীয়ে মানিবনে !! মাতোঁতেই মিলিল মহাকাল ৷

মাধৱীৰ মকমকনী মলখুক———— মাউৰত মৰা ! মৰিবলে মাতিছ ? মাৰত মুতি মুতি মৰিবি ৷ মটহা মকটিয়াৰৰ মুঠাৰে মতিৰামক মাৰিলোঁ ৷ মা-ৰলে মন মেলিছ !!

মলখুৱে মুহূৰ্ততে মানিগ’ল মাধৱীক ৷ ময়ো———

** কালিৰ কথাটো **

কালিৰ কথাটো কাৰোবাক কেনেবাকৈ কৰ’বাত কলোনেকি ? কৈছোঁ——— কাণ কৰক ৷ কথাটো কমলাৰ কথা ৷ কদমতলিৰ কমলা কাকতি ৷ কণপোনা কাকতিৰ কণিষ্ঠ কন্যা কমলা ৷ কৃষ্ণবৰ্ণ, কাদাকাৰ কায় ৷ কোনোবাই কয় কুৎসিৎ ৷ কওক, কমলাই কেয়াৰ কৰিলেহে ! কথা কিন্তু কম কয় কমলাই ৷ কিন্তু কবলৈ পালে ... কৃষ্ণ কৃষ্ণ !!!! কালি কণপিতৌক কোনোবাই কলেগৈ——— কমলা কমপিটৌৰ কাৰণে কলঢোপ কলঢোপ কৰিছে ৷ কণপিতৌৱে কমলাক কথাটো কলেহে——— কৃষ্ণ কৃষ্ণ.... কমলাৰ কথা কি কম ! কলে- কণপিতৌ, কুকুৰ.... কাক কি কৈছ ? কচাই কটাদি কাটি ...........