KIRAN KHANIKAR
"সৰাপাতৰ বিননী"
মোৰ জীৱনৰ সত্য কথাৰে...
ණ কিৰণ খনিকৰ

প্ৰিয় বন্ধু পাঠকবৰ্গ । মোৰ
জীৱনটো নানা ৰোমাঞ্চকৰ
ঘটনাৰে ভৰা । সোঁৱৰণিৰ
সুহুৰি নামেৰে মোৰ জীৱনৰ কিছু আমোদজনক, কিছু
ভয়াবহ ঘটনাবোৰ ধাৰাবাহিক ভাৱে লিপিবদ্ধ কৰিম বুলি
ভাবিছোঁ । আপোনালোকে সঁহাৰি কামনা কৰিলোঁ ।

তেতিয়া কিমান বৰ্ষ আছিল বাৰু ? সমগ্ৰ অসমত আলফাৰ বিৰুদ্ধে বজৰং অপাৰেচন তেতিয়া । আমি কাকপথাৰৰ মৃদংপৰা গাঁওত আছিলোঁ তেতিয়া । আমাৰ বাৰীত, ঘৰৰ সমুখতে এজোপা অতিকায় আম গছ
আছিল । তাৰ তলতে ভাৰতীয় সৈন্যই এটা বিৰাট শিবিৰ পাতিছিল । আমি তেতিয়া কথাবোৰ সিমান বুজা নাছিলোঁ ।
কিন্তু এটা কথা ভালকৈয়ে
বুজিছিলোঁ যে, পুৱা ৬ মান
বজাত আমি শিবিৰলৈ গ'লে গাখীৰ, কুকুৰাৰ মাংস খাবলৈ পাম । গতিকে ৬ মান বজাত শিবিৰলৈ যোৱাটো আমাৰ নিয়মিত আছিল । সেইবোৰ খাই প্ৰায় ১ঘণ্টা তেওঁলোকৰ
লগত পথে পথে দৌৰিছিলোঁ । ৰাতি সেই শিবিৰত আমাৰ প্ৰৱেশ নিষিদ্ধ আছিল । শিবিৰৰ
ভিতৰৰ পৰা ৰাতি ভাঁহি আহিছিল কিছুমান মৰণ কাতৰ আৰ্তনাদ । কি হৈছে বুজা নাছিলো আমি ; কোনেও বুজিবলৈ দিয়া নাছিল । মাথো বুঢ়ীআয়ে আমি উৎপাত কৰিলে কৈছিল ; চেৰেপা আহিব,
চুপ । বুঢ়ীআইৰ মুখত চি আৰ পি উচ্চাৰণ নহয় ; চেৰেপাহে হয় । মোৰ ঠিক মণত আছে তেতিয়া মই প্ৰথম শ্ৰেণীৰ ছাত্ৰ । ডাঙৰভনীৰ বয়স
তেতিয়া কেইমাহমান মাত্ৰ । কাকপথাৰ মৃদংপৰা গাঁওখনৰ সোঁ মাজেৰে যিটো পথ গৈছে ;
সেইটোৰে ন-মাইঠং আৰু ঢলাক সংযোগ কৰিছে । গাঁওৰ মানুহবোৰ কৃষি নিৰ্ভৰশীল । পথটোৰ একাষে অটব্য অৰণ্য ।
দিনতে বাঘ, বনৰীয়া হাতী ওলায় । কেতিয়াবা ৰাতি বাঘ গাঁওৰ মাজলৈ আহি গৰু ছাগলী মাৰে । কেতিয়বা কুকুৰৰ দৰে পিনপিনাই ফুৰে ঘৰৰ কাষে কাষে । সেয়ে
মানুহবোৰ ৰাতি ঘৰৰ বাজ নহৈছিল ৰাতি । এখন বিশাল পথাৰৰ সিপাৰে সেইয়া তেজী
গাঁও । প্ৰবাদ আছে ৰসৰাজৰ বিখ্যাত তেজীমলা সাধুৰ উৎস
এই তেজী গাঁও । সাধুটোত
বৰ্ণনা কৰা পৰিৱেশ, এটা বৃহৎ পুখুৰী, আদি আজিও বিৰাজমান । পুখুৰীটোত এবাৰ বৰ সুন্দৰ কাৰুকাৰ্য কৰা এখন নাৱৰ অংশ উদ্ভাৰ হৈছিল । এই পুখুৰীৰ লগত সংযোগ হৈ আছে
এখন বিশাল নদীৰ । আমাৰ ঘৰৰ কাষৰেই অৰণ্য ফালি বৈ গৈছে এই বিখ্যাত ডাঙৰী নৈ ।
নৈৰ কাষে কাষে বেত, কলমৌৰ জোপোহা । সেই নৈত কেতিয়াবা মৃত মহ, গৰু উটি আহে । সকলো ঠিকে আছিল । এতিয়া এই সৈন্যৰ শিবিৰটোৱে
গাঁৱৰ পৰিৱেশ সলাই পেলালে । এদিনাখন পুৱা সেই ঠাইত কেতিয়াও নঘটা এটা ঘটনা
দেখিবলে' পালে মানুহবোৰে । সেই নৈখনত উটি আহি বেতৰ
জোপোহাত লাগি ধৰিল এটি অচিনাকী চফল ডেকাৰ মৃত শৰীৰ । শৰীৰটোৰ মূৰৰ পিছফালে আঘাটৰ চিন । সোঁহাতখন কিলাকুটিৰ ওচৰতে কটাযোৱা ।
নখবিহীন বাওঁহাতৰ আঙুলি । তৎ মুহূৰ্ততে হুৱা দুৱা লাগিল
গাঁওখনত । মই কিন্তু সেই
মৃতদেহটো চিনি পাইছিলোঁ... !
তাৰমানে !!



(২)
তাৰমানে !! তাৰমানে এই
মৃতদেহটো পৰহি পুৱা কেম্পৰ ভিতৰত
দেখা সেই ল'ৰাজনৰ ! মুখখন
যে কাপোৰেৰে বান্ধি থৈছিল ; কিন্তু
তেওঁৰটো দুয়োখন হাত আছিল !
হাতদুখন জপটিয়াই বান্ধি থোৱা মই
নিজেই দেখিছিলোঁ । অ',
তেনেহ'লে কেম্পৰ ভিতৰত
থকা পাঞ্জাৱী তৰোৱাল কেইখনৰ যাদু
এইয়া !! ৰ'দ চোকা হৈ আহিছিল । ৮
মান বজাতে মৃতদেহটো পানীৰ
পৰা তোলা ; সেইটো গোন্ধাবলৈ আৰম্ভ
কৰিছিল । মন কৰিব
লগীয়া কথা এটা আছিল যে,
ঘটনাস্থলীৰ পৰা কেম্পটোৰ দূৰত্ব দুশ
মিটাৰ মান আছিল চাগে ! কিন্তু
যোৱানসকলে তালৈ যোৱাৰ
পৰিৱৰ্তে কেম্পৰ পৰাই
গতিবিধি লক্ষ্য কৰিছিল । ৰ'দ মূৰৰ
ওপৰ পাইছিলহি । জুম পাতি মানুহ
আছিল । মানুহৰ গুণ গুণ গুণ গুণ
বেছি হৈছিল । কিন্তু
তেতিয়ালৈকে মৃতদেহটো সঠিক
পৰিচয় দিব পৰা মানুহ
ওলোৱা নাছিল । বয়সস্থ সকলৰ
উপায়হীন আলোচনা, কি কৰা উচিত
হ'ব এতিয়া ! থানালৈ খবৰ
দিলে মোৰ খুড়াই । থানাৰ
পৰা কোৱা হ'ল,
সেইটো এৰিয়া সম্পুৰ্ণৰূপে সেনাৰ ।
পুলিচ যাব নোৱাৰে তালৈ । মই
বোবা হৈ লক্ষ্য কৰি আছিলোঁ সমগ্ৰ
পৰিস্থিতি ।
"বোপাই ঔ ....." হঠাৎ আটাহ
পাৰি মৃতদেহটো সাৱতি ধৰিলে বুকুত
মেথনি মৰা মহিলা এগৰাকীয়ে ।
তাৰ পিছতে
হিয়া ভগা কান্দোন । আঁতৰি যাব
ধৰা মানুহবোৰ
ততাতৈয়াকৈ চাপি আহি আকৌ এজুম হ'ল
। এইবেলি হুৰমূৰকৈ কেম্পটোৰ
পৰা যোৱানসকল ওলাই আহিল
আৰু মানুহৰ জুমটোক বেঢ়ি ধৰিলে ।
মোক তাত দেখা পালে এজন বিশেষ
যোৱানে ; যিজনে মোক টেমাত
থকা জুলীয়া গাখীৰ সদায়
খাবলৈ দিছিল । তেওঁ মোক আমাৰ
ঘৰটোৰফালে আঙুলীয়াই দেখুৱালে,
মানে মই ঘৰলৈ যোৱাটো উচিত । তাৰ
পিছৰ কথা মই নাজানিলোঁ । কিন্তু
এইটো পাহৰা নাই যে, মই
ঘৰলে অহাৰ পিছতে কেইজনমান
মানুহক তাতে খুওব পিটিছিল আৰু
তেওঁলোকক কেম্পৰ
কাষতে আছুতীয়াকৈ সজা ঘৰটোত
সোমোৱাই থৈছিলহি ।
গধূলী হৈ ৰাতি নামি আহিল ।
মানুহকেইজন কেম্পৰ
পৰা এৰি নিদিলে । তাৰ
প্ৰতিবাদতেই নে কি নাজানো এজুম
তিৰুতা মানুহ আমাৰ পদূলিমুখৰ
বকুলজোপাৰ তলতে বহি থাকিল । সেই
ৰাতি কেম্পৰ পৰা আৰ্তনাদ
ভাঁহি নাহিল । মই সেইৰাতি সপোন
দেখিছিলো ; পানীত
ভাঁহি অহা এটা বিৰাট বৰালী মাছৰ ।

ডাঙৰী নৈৰ পানীবোৰ ক'ত
পৰেগৈ নাজনো ; কিন্তু
ইতিমধ্যে নৈখনে বহু
পানী কঢ়িয়ালে । সময়বোৰ
কেলেণ্ডাৰৰ বুকুৰ পৰা খহি পৰিছিল
। সেই
ঘটনাটো মানুহবোৰে হয়তো পাহৰিলে
। পিছত মই গম পাইছিলো অৰূপৰ
মুখে লৰাটোৰ ঘৰ তেজী গাৱঁৰ আছিল ।
অৰূপ ; মোতকৈ সি
৩/৪ বছৰমান ডাঙৰ । আমাৰ
ঘৰৰ কাষতে সিহঁতৰ ঘৰ । মহা ধূৰ্ত ।
পঞ্চাশটামান শিয়াল মৰাৰ
পিছতহে চাগে' তাৰ জন্ম । কিন্তু
কেতিয়াবা সি এনেকুৱা বুৰ্বকৰামী
কিছুমান কৰে যে ; মম্মদ বিন
টোগলকেও লাজ পাই যাব । সিহঁতৰ
চাৰিটা ককাই ভাই । পঢ়াত
কেওটা বৰ চোকা নাছিল বোধহয় ।
কাৰণ, তৃতীয় মানত অৰূপে পৰীক্ষাত
ফেইল কৰিছিল । এদিন
সন্ধিয়া অৰণ্যৰ
কাষতে থকা বনজৰা আনিবলে যাওতে
দেখা পালোঁ ৪জনমান
ক'লা কাপোৰেৰে সৰ্বদেহ
ঢাকি লোৱা লোকক । আমাক হাত বাউল
দি মাতি আছে ওচৰলৈ । কিন্তু কিয় ?
আমি ভয়তে তাতে পেপুৱা লাগিলোঁ ।
দেখা পালোঁ, এজনে কাপোৰৰ তলৰ
পৰা এটা বন্দুক উলিয়াইছে ...



(৩)
মানুহজনে বন্দুকটো কাপোৰৰ
তলৰ পৰা ওলিয়াই লগৰ এজনৰ
হাতত দিলে আৰু আমাৰফালে
আগুৱাই আহি অৰূপক সুধিলে ;
"আৰ্মি কিমান আছে তাত ?"
অৰূপে কি উত্তৰ দিলে মনত নাই
কিন্তু তাৰ পিছতেই মানুহকেইজনে
কথাবোৰ কাকো নক'বলে কৈ
হাবিৰ মাজত লুকাই পৰিল ।
আমিও কাকো কোৱা নাছিলোঁ,
কাৰণ, কথাটো কলে সন্ধিয়া
হাবিৰ দাঁতিলৈ যোৱাটো ধৰা
পৰিব লাগিব আৰু তেতিয়া ধূলাই
খোৱাটো নিশ্চিত । এককথাত
আমিকেইটা বাঘৰ আগতেল খোৱা
ল'ৰা আছিলোঁ । নহ'লেনো বাৰু
হাতী বাঘে দপদপাই থকা হাবিখনৰ
কাষলে যাব পাৰোঁনে !
এইবোৰ ঘটনা সৰুৰে পৰা পোৱাৰ
কাৰণেই বোধকৰোঁ বৰ্তমান মোৰ
মনত এইবোৰ বস্তুৰ প্ৰতি ভয়
বোলা বস্তুকণ তিলমানো নাই ।
ভঁৰালৰ ধান খাবলৈ অহা বনৰীয়া
হাতীৰ তলত ফটকা ফুটুৱা বা
জুই লগাই দিয়া, গুঁই, অজগৰ,
চকৰি ফেঁটি আদি সাপ জীয়াই
জীয়াই ধৰা আদিবোৰ সাধাৰণ
ঘটনা হৈ পৰিছিল পিছলৈ । হয়তো
সেইটো স্বভাৱৰ কাৰণেই বনৰীয়া
জন্তুৰ মাত বুজি পোৱা, মাতৰ
প্ৰকাৰৰ অৰ্থ বুজি পোৱা বা
বিভিন্ন গছ লতা সহজে চিনি পোৱা
মোৰ পক্ষে সহজ হৈ পৰিছিল ।
বাৰু সেই অধ্যায় পিছলৈ থাকক ।
কেৰুণ এটা লাগিছিল ক'ৰবাত ।
কেৰুণটোৱে খুলি খুলি খাইছিল
মানুহক । মানুহৰ মনবোৰক,
গাঁওখনক । এদিন কেম্পটোত
সোমালহি এজন সাধাৰণ পোচাক
পিন্ধা, বন্দুক লোৱা অসমীয়া
ল'ৰা । ল'ৰাজন দিনত কেম্পৰ
বাহিৰলে যোৱা দেখা নাছিলো ।
ল'ৰাজন অসমীয়া বুলি এই
কাৰণেই নিশ্চিত আছিলোঁ যে,
মোৰ লগত কথা হওঁতে তেওঁৰ
প্ৰথম কথাটো আছিল "ঐ পোৱালী,
তোৰ নাম কি ?" ল'ৰজনৰ মাত
কথা ৰুক্ষ আছিল । মোক পোৱালী
বুলি মতাৰ ৰেকৰ্ড তেতিয়ালৈকে
নাছিল । টিঙিচকৈ খংটো উঠি
আহিল । "তোক কেলেই লাগে ?"
বুলি দম এটা দি কেম্পৰ পৰা
ওলাই আহিলোঁ । এদিন ৰাতি
এটা আচৰিত কথা হ'ল ; খুড়া,
মোক আৰু অৰূপক কেম্পলৈ ৰাতিৰ
ভাত খাবলৈ মাতিলে । ভাতসাঁজ
গধূৰেই আছিল । খুড়াই কৈছিল
সেয়া বোলে হৰিণাৰ মাংস আছিল ।
মাংস কেনেকৈ, ক'ত পাইছিল
নাজানোঁ ; কিন্তু ভালকৈয়ে
খাইছিলো আমি । সেই ৰাতি ১১
মান বজাত ক'ৰবাৰ পৰা ভাঁহি
অহা বন্দুকৰ শব্দই গাওঁখনৰ
নিৰৱতা থান বান কৰি
পেলাইছিল । পিছদিনাখন পুৱা
৯ মান বজাত হাবিৰ ফালে
আকাশত খুওব তলতে
কেইখনমান হেলিকপ্তাৰ উৰি
ফুৰিবলৈ ধৰিলে ।

(ক্ৰমশঃ)

(৫) মই কেতিয়াও ভাবিব পৰা
নাছিলোঁ ; সি এনেকুৱা কৰিব
পাৰে বুলি । কেম্পত থকা
অসমীয়া ল'ৰা জনৰ অট্টহাস্য,
উদ্ভণ্ডালীয়ে সীমা পাৰ কৰি
অসীমলৈ গতি কৰিছিল ।
মৃতদেহবোৰক আঙুলিয়াই
আঙুলিয়াই অট্টহাস্য কৰি কৈছিল ;
সৌটো ঋষি, সৌটো অনিল,
এইটো অমুকা, তমুকা । গাওঁৰ
মানুহবোৰক ফিচিঙা ফিচিঙ
কৰি কিবা কিবি কৈছিল । সেই
মৃতদেহবোৰৰ মাজত সৌটোচোন
মাধৱকাই । ওৱা ! সি কি দোষ
কৰিছিল ? লোকৰ ঘৰত হালোৱা
খাটি পৰিয়াল পোহ পাল দিয়া
মাধৱকাই উগ্ৰপন্থী হ'ল কেনেকৈ
নাজানিলোঁ ।
গাঁওখনৰ সিটোমূৰত
পোৱাল বুলি মানুহ এজন আছিল ।
অতি দুখীয়া মানুহ । দিন হাজিৰা
কৰি পেট পোঁহা মানুহ । তেওঁৰ
পৰিয়ালত ৫জন সদস্য । তেও,
তেওৰ পৰিবাৰ, জীয়েক দুজনী
আৰু একেবাৰে সৰুটো মোৰ লগত
পঢ়া ললিত । তাক আমি ধেমালিতে
ৰঙা বামুণ বুলি মাতিছিলোঁ ।
তাৰ ডাঙৰ বায়েকৰ নাম আছিল
নাগিনী । আৰু কিবা নাম আছিল
যদি নাজানোঁ । ধুনীয়া আছিল
দেখিবলৈ । ঈশ্বৰৰ কিবা এটা
ভুল হৈছিল ব্ৰহ্মাণ্ড সৃষ্টি কৰোঁতে।
নহলেনো বাৰু ইমান ধুনীয়া পদুম
ফুলপাহ বোকাত কিয় ফুলিবলৈ
দিয়ে ! বৰ ফুৰ্টিবাজ আছিল
তাই । পেটৰ ভোক নিবাৰণৰ
তাড়ণাত তাহঁতৰ ঘৰত মদ
তৈয়াৰ কৰিছিল আৰু সেই মদৰ
এজন নিয়মীয়া গ্ৰাহকলৈ ৰূপান্তৰিত
হৈছিল এই অসমীয়া বন্দুকলোৱা
ল'ৰাজন । মোৰ বোধেৰে
তেওঁলোকৰ ঘৰত মদ খোৱাটো
ল'ৰাজনৰ এটা কৌশলহে আছিল ।
তাৰ প্ৰধান লক্ষ্য আছিল এই
নাগিনী । বতৰ পৰিৱৰ্তন
হৈছিল । সময় দ্ৰুতগতিৰে আগ
বাঢ়িছিল । নাগিনী এদিন ঘৰৰ
পৰাই নিৰুদ্দেশ হ'ল । ক'লৈ গ'ল
কোনেও নাজানিলে । নাই
বোলোঁতেই নোহোৱা হ'ল নাগিনী ।
নাই যি নায়েই । চুলি এডালো দেখা
পোৱা নগ'ল তাইৰ । আকৌ
হাহাকাৰ গাওঁখনত । গাওঁৰ পৰা
প্ৰথম কোনোবা নিৰুদ্দেশ হৈছে ।
তাকো গাভৰু ছোৱালী । পাত
পাতকৈ বিছাৰিলে বয়সস্থ সকলে ।
আটাইবোৰ পেপুৱা লাগিল ভয়ত ।
বতৰৰ সঘন পৰিৱৰ্তনে মানুহক
আমণি দিছিল । ৰ'দ দি থাকোঁতেই
কোনো আগজাননী নোহোৱাকৈ
হুৰমূৰাই বৰষুণ নামি আহি
মানুহবোৰক বিপাঙত পেলইছিল ।
নাগিনীৰ কথা মানুহবোৰে
পাহৰিবলৈ আৰম্ভ কৰিছিল ।
কেম্পৰ যোৱানসকলৰ মতি
গতি বুজাৰ সাধ্য কাৰোৰে নাই
তেতিয়াও কিম্বা এতিয়াও ।
এদিন পুৱা ৯মান বজাত স্কুল
যাওঁতে দেখা পালোঁ যোৱান
কেইজনমানে বাটৰ কাষৰে
বেতৰ জোপোহা এটাৰ আঁৰত
এজন মানুহক মাৰ পিট কৰি
আছে । ভালকৈ লক্ষ্য কৰাত
মানুহজন চিনি পোৱাত অসুবিধা
নহ'ল । সেইয়া আমাৰ কাষৰে
ভাইদা । কিন্তু কিয় পিটিছিল
তেওঁক যোৱানসকলে যাৰ ফলত
তেও আজিও পংগুৰ জীৱন কটাব
লগীয়া হৈছে ! ভাইদাই তেতিয়া
বি. এ. পঢ়ি আছিল বোলে ।
ভাইদাই তেতিয়া হেনো তিনিবছৰ
জেইল খাবলগীয়া হ'ল ।
লাহে লাহে বাৰিষা নামিছিল ।
লগে লগে নৈখন গাভৰু হৈছিল ।
লাহে লাহে কেম্পটোৰ চাউল
উকলিছিল । এদিন ঘৰ -ঘৰাই
ঘৰ -ঘৰাই আহি আমাৰ
পদূলিত থিয় হ'লহি সেনা
বাহিনীৰ কেইবাখনো বিয়াগোম
গাড়ী । কেম্পটো ভঙাৰ কাম
আৰম্ভ কৰা হৈছিল ।
যোৱানসকলে খুব খৰ
গতিৰে বয় বস্তু সামৰি
সুঁতৰি বিয়লি ৩মান বজাত
গ'লগৈ । কেম্পটোৰ কাষতে
থকা সেই বাঁহৰ আচুতীয়া ঘৰটো
তেতিয়াও একেদৰেই থাকিল ।
সেই ঘৰটোত আমি কেতিয়াও
সোমাবলে পোৱা নাছিলো ।
গতিকে তাৰ ভিতৰখন চাবলে
আমি উৎসুক হৈ পৰিলোঁ ।
অৰূপে ভৰি ডাঙিলেই ইতিমধ্যে ।
দৌৰি গৈ আমি দুৱাৰমুখ পালোঁ ।
কিন্তু এইয়া কি !! ক'ৰপৰা আহিল
এইবোৰ !!


Old school Easter eggs.